।। সংস্কৃত ।। পঞ্চম মান ।। অসমীয়া অনুবাদ
अष्तमः पाठः
वस्तु-प्रदर्शिनी
पुत्रः – तात! एतां वस्तुप्रदर्शिनीं किमर्थम् आयोजितवन्तः?
पिता – वस्तूनां प्रचारं कर्तुम्। वस्तूनाम् उत्पादकाः वस्तुनि विक्रेतुं, प्रदर्शयितुं च अत्र आगच्छति ।
👉 অসমীয়া অনুবাদঃ –
পুত্ৰ: – দেউতা! এই বস্তু প্ৰদৰ্শনী কিয় আয়োজন কৰা হৈছে?
দেউতা – বস্তুবোৰৰ প্ৰচাৰ কৰিবলৈ। বস্তুৰ উৎপাদক- সকলে বস্তুবোৰ বিক্ৰী কৰিবলৈ আৰু প্ৰদৰ্শন কৰিবলৈ ইয়ালৈ আহে।
🏀 শব্দাৰ্থঃ –
– पुत्रः = পুত্ৰ।
– तात = দেউতা (স্নেহৰ সম্বোধন)
– एतां = এই (স্ত্ৰী.লিংগ)
– वस्तुप्रदर्शिनीम् = বস্তু প্ৰদৰ্শনী।
– किमर्थम् = কিয়/কি উদ্দেশ্যে।
– आयोजितवन्तः = আয়োজন কৰা হৈছে।
– वस्तूनाम् = বস্তুবোৰৰ।
– प्रचारम् = প্ৰচাৰ।
– कर्तुम् = কৰিবলৈ।
– उत्पादकाः = উৎপাদকসকল।
– विक्रेतुम् = বিক্ৰী কৰিবলৈ।
– प्रदर्शयितुम् = প্ৰদৰ্শন কৰিবলৈ।
– आगच्छति = আহে।
पुत्रः – जनाः वस्तुनि क्रेतुम् आगच्छन्ति ननु ?
पिता – आम्। केचन क्रेतुं, पुनः केचन द्रष्टुम् आगच्छन्ति ।
👉 অসমীয়া অনুবাদঃ –
পুত্ৰঃ – মানুহবোৰ বস্তু কিনিবলৈ আহে নহয়নে?
দেউতা – হয়। কিছুমানে কিনিবলৈ, আকৌ কিছুমানে চাবলৈ আহে।
🏀 শব্দাৰ্থঃ –
– जनाः = মানুহবোৰ।
– वस्तुनि = বস্তু।
– क्रेतुम् = কিনিবলৈ।
– आगच्छन्ति = আহে।
– ननु = নহয়নে? (প্রশ্নসূচক)
– आम् = হয়।
– केचन = কেতবোৰে।
– पुनः = আকৌ।
– द्रष्टुम् = চাবলৈ।
पुत्रः – बहिः क्रीड़ासाधनानि किमर्थं सन्ति ?
पिता – जनानाम् आकर्षणं कर्तुम्। अत्र द्रष्टुम् आगताः केचन पातुम् इच्छन्ति, केचन खादितुम् इच्छन्ति । अतः फल-रस-शकटानि अल्पाहार-शकटानि च तत्र तत्र सन्ति ।
👉 অসমীয়া অনুবাদঃ –
পুত্ৰঃ – বাহিৰত খেলাৰ সামগ্ৰীবোৰ কিয় আছে?
দেউতা – মানুহবোৰক আকৰ্ষণ কৰিবলৈ। ইয়ালৈ চাবলৈ অহা কিছুমানে পান কৰিবলৈ বিচাৰে, কিছুমানে খাবলৈ বিচাৰে। সেয়েহে অ’ত-ত’ত ফলৰ ৰসৰ গাড়ী আৰু অল্পাহাৰৰ গাড়ী আছে।
🏀 শব্দাৰ্থঃ –
– बहिः = বাহিৰত।
– क्रीड़ासाधनानि = খেলাৰ সামগ্ৰী।
– किमर्थं = কিয়।
– सन्ति = আছে।
– जनानाम् = মানুহবোৰক।
– आकर्षणं = আকৰ্ষণ।
– कर्तुम् = কৰিবলৈ।
– द्रष्टुम् = চাবলৈ।
– आगताः = অহা।
– पातुम् = পান কৰিবলৈ।
– खादितुम् = খাবলৈ।
– फल-रस-शकटानि = ফলৰ ৰসৰ গাড়ী।
– अल्पाहार-शकटानि = জলখোৱাৰ গাড়ী।
– तत्र तत्र = অ’ত-ত’ত।
पुत्रः – पश्यतु, केचन भिक्षुकाः अपि सन्ति। धनं याचितुम् आगताः ते।
पिता – आम्। ये दातुम् इच्छन्ति ते यच्छन्ति।
👉 অসমীয়া অনুবাদঃ –
পুত্ৰঃ – চোৱা, কিছুমান ভিক্ষুকো আছে। তেওঁলোকে টকা খুজিবলৈ আহিছে।
দেউতা – হয়। যিসকলে দিবলৈ ইচ্ছা কৰে, সিহঁতে দিয়ে।
🏀 শব্দাৰ্থঃ –
– पश्यतु = চোৱা।
– केचन = কিছুমান।
– भिक्षुकाः = ভিক্ষুকসকল।
– अपि = ও
– सन्ति = আছে।
– धनं = ধন/টকা।
– याचितुम् = খুজিবলৈ।
– आगताः = আহিছে।
– ते = তেওঁলোক/সিহঁতে।
– आम् = হয়।
– ये = যিসকল।
– दातुम् = দিবলৈ।
– इच्छन्ति = ইচ্ছা কৰে।
– यच्छन्ति = দিয়ে।
पुत्रः – तात ! तात ! पश्यतु, चौर चौर्यं कृत्वा धावति। तं ग्रहीतुम् आरक्षकाः अपि तस्य पृष्ठतः धावन्ति ।
पिता – चौरयितुम् आगताः केचन चौराः अपि अत्र भवन्ति । अतः जनान् रक्षितुम् अत्र आरक्षकाः अपि सन्ति ।
👉 অসমীয়া অনুবাদঃ –
পুত্ৰঃ – দেউতা! দেউতা! চাওক, এজন চোৰে চুৰি কৰি পলাইছে। তাক ধৰিবলৈ আৰক্ষীসকলো তাৰ পিছে পিছে দৌৰিছে!
দেউতা – চুৰি কৰিবলৈ অহা কিছুমান চোৰো ইয়াত থাকে। সেয়েহে মানুহক ৰক্ষা কৰিবলৈ ইয়াত আৰক্ষীও থাকে।
🏀 শব্দাৰ্থঃ –
– तात = দেউতা।
– पश्यतु = চোৱা।
– चौर = চোৰ।
– चौर्यं कृत्वा = চুৰি কৰি।
– धावति = দৌৰে।
– तं = তাক।
– ग्रहीतुम् = ধৰিবলৈ।
– आरक्षकाः = আৰক্ষীসকল
– पृष्ठतः = পিছফালে।
– चौरयितुम् = চুৰি কৰিবলৈ।
– केचन = কিছুমান।
– अत्र = ইয়াত।
– भवन्ति = থাকে/হয়।
– रक्षितुम् = ৰক্ষা কৰিবলৈ।
– जनान् = মানুহক।
पुत्रः – तात ! अहं तत् क्रीडनकं क्रेतुम् इच्छामि ।
पिता – मास्तु । मास्तु । तस्य मूल्यं बहु अधिकम् । विलम्बः अभवत् । गृहं गच्छामः ।
👉 অসমীয়া অনুবাদঃ –
পুত্ৰঃ – দেউতা! মই সেইটো খেলনা কিনিবলৈ বিচাৰোঁ।
দেউতা – নালাগে, নালাগে! তাৰ দাম বৰ বেছি। বেছি দেৰি হ’ল। আমি ঘৰলৈ যাওঁ।
🏀 শব্দাৰ্থঃ –
– अहम् = মই।
– तत् = সেইটো।
– क्रीडनकम् = খেলনা।
– क्रेतुम् = কিনিবলৈ।
– इच्छामि = বিচাৰোঁ।
– मास्तु = নালাগে।
– मूल्यम् = দাম।
– बहु अधिकम् = বৰ বেছি।
– विलम्बः = দেৰি।
– अभवत् = হ’ল।
– गृहम् = ঘৰলৈ।
– गच्छामः = যাওঁ।
***************************
