।। ইংৰাজী ।। অষ্টম মান ।। অসমীয়া অনুবাদ ।।
Lesson – 3
A Voyage Around the World
🏀 In 1967, the world was astounded with the news that a sixty-six-year-old man had made a solo circumnavigation of the world.
✍️১৯৬৭ চনত, এজন ৬৬ বছৰীয়া ব্যক্তিয়ে এককভাৱে জাহাজেৰে বা নাৱেৰে পৃথিৱী প্ৰদক্ষিণ কৰাৰ খবৰে বিশ্ববাসীক আচৰিত কৰিছিল।
👉 astounded – আচৰিত কৰিছিল বা বিস্মিত কৰিছিল।
👉 “solo circumnavigation” ক “এককভাবে বিশ্বপ্ৰদক্ষিণ” বা “এককভাৱে পৃথিৱী প্ৰদক্ষিণ”।
His name was Francis Chichester. His yacht was the Gipsy Moth IV. It took him 266 days setting out from Plymouth, England to make the crossing.
✍️ তেওঁৰ নাম আছিল ফ্ৰান্সিছ চিচেষ্টাৰ। তেওঁৰ ইয়টখনৰ নাম আছিল জিপছী মথ IV। ইংলেণ্ডৰ প্লাইমাউথৰ পৰা যাত্ৰা আৰম্ভ কৰি, বিশ্ব প্ৰদক্ষিণ সম্পূৰ্ণ কৰিবলৈ তেওঁ ২৬৬ দিন সময় লৈছিল।
👉 setting out – যাত্ৰা আৰম্ভ কৰি, make the crossing -বিশ্ব প্ৰদক্ষিণ সম্পূৰ্ণ কৰিবলৈ ।
When asked why he played with danger, he replied, “Man is born in this world to do great deeds.”
✍️ যেতিয়া তেওঁক সুধা হৈছিল কিয় তেওঁ বিপদৰ সৈতে খেলিছিল, তেওঁ উত্তৰ দিছিল, “মানুহ মহান কাৰ্য্য সম্পাদন কৰিবলৈ এই পৃথিৱীত জন্ম লৈছে।”
On the 15th of May 2010, Jessica Watson, a sixteen year-old Australian girl reached Sydney Harbour. She had spent 210 days at sea, setting out on the 18th of October, 2009.
✍️ ২০১০ চনৰ ১৫ মে’ত, জেছিকা ৱাটছন নামৰ এজনী ষোল্ল বছৰীয়া অষ্ট্ৰেলিয়ান ছোৱালীয়ে ছিডনী বন্দৰত আহি উপনীত হৈছিল। তেওঁ ২০০৯ চনৰ ১৮ অক্টোবৰ তাৰিখে যাত্ৰা আৰম্ভ কৰি ২১০ দিন সাগৰত অতিবাহিত কৰিছিল।
She had become the youngest person to sail solo around the world, unassisted and nonstop. The whole country stopped to welcome her home. Her powered yacht was named Ella’s Pink Lady.
✍️ তাই কাৰো সহায় নোহোৱাকৈ আৰু অবিৰামভাৱে অকলশৰে সমুদ্ৰপথেৰে বিশ্ব ভ্ৰমণ কৰা আটাইতকৈ কম বয়সী ব্যক্তি হিচাপে পৰিচিত হৈ পৰিছিল। সমগ্ৰ দেশে তাইক স্বাগতম জনাবলৈ থমকি ৰৈছিল। তাইৰ শক্তিশালী ইয়টখনৰ নাম আছিল এলা’জ পিংক লেডী।
As a child and teenager, for a long time she struggled with reading and spelling, but she was lucky. Her mother and teachers at school recognized early that she was dyslexic (remember Taare Zameen Par?).
✍️ এজন শিশুৰূপে আৰু কিশোৰ হিচাপে, তাই দীৰ্ঘ সময় ধৰি পঢ়া আৰু বানান কৰাত অসুবিধা অনুভৱ কৰিছিল, কিন্তু তাই ভাগ্যশালী আছিল। তাইৰ মাতৃ আৰু বিদ্যালয়ৰ শিক্ষকসকলে তাইৰ ডিছলেক্সিক বুলি আগতে চিনাক্ত কৰিছিল। (Taare Zameen Par চিনেমাখন মনত আছেনে?)
Dyslexia is a disorder which causes a person to have difficulty in recognizing and learning the connection between sounds and words.
✍️ ডিছলেক্সিয়া এটা ব্যাধি, যাৰ ফলত এজন ব্যক্তিয়ে শব্দ আৰু ধ্বনিৰ সংযোগ চিনাক্ত কৰা আৰু শিকাত অসুবিধা অনুভৱ কৰে।
It is one particular form of learning disability that can make reading, spelling and sometimes maths difficult to understand. This dyslexic girl with tears in her eyes sailed back into Sydney Harbour.
✍️ এইটো শিক্ষাগত অক্ষমতাৰ এটা বিশেষ ৰূপ, যাৰ ফলত পঢ়া, বানান কৰা আৰু কেতিয়াবা গণিতো বুজিবলৈ কঠিন হৈ পৰে। চকুত চকু পানী লৈ এই ডিছলেক্সিয়া আক্রান্ত ছোৱালীগৰাকীয়ে চিডনী বন্দৰলৈ উভতি আহিছিল।
The shore was lined with cheering people. Helicopters and boats came to greet her daring and courage. Minister called her a hero. She replied that she was just an ordinary girl who believed in a dream.
✍️ পাৰত উল্লাসিত মানুহে শাৰিবদ্ধ হৈ থিয় হৈ আছিল। হেলিকপ্টাৰ আৰু নাওবোৰে তাইৰ সাহস আৰু দুঃসাহসিকতাৰ প্ৰশংসা কৰিবলৈ আহিছিল। মন্ত্ৰীগণে তাইক এজনী বীৰাংগনা বুলি কৈছিল। উত্তৰত তাই কৈছিল যে তাই মাথোঁ এজনী সাধাৰণ ছোৱালী, যিয়ে এটা সপোনত বিশ্বাস কৰিছিল।
This chapter and the following one are extracts from her own book, “True Spirit” about the Aussie girl who took on the world.
✍️ এই অধ্যায়টো আৰু ইয়াৰ পৰৱৰ্তী অধ্যায়টো তাইৰ নিজৰ কিতাপ ‘True Spirit’ৰ অংশ, যিটো বিশ্বজোৰা যাত্ৰা কৰা অষ্ট্ৰেলীয়ান ছোৱালীজনীৰ বিষয়ে।
Sunday, 27 December 2009 The not-so-fearsome fifties – The Southern Ocean
✍️ দেওবাৰ, ২৭ ডিচেম্বৰ, ২০০৯
ভয়ানক নহয় পঞ্চাশত্তম অক্ষৰেখা – দক্ষিণ মহাসাগৰ
👉 প্ৰাসংগিক টোকা:
জেচিকা ৱাটচনে ইয়াত দক্ষিণ মহাসাগৰৰ (Southern Ocean) ৫০-৬০ ডিগ্ৰী অক্ষাংশৰ মাজৰ অঞ্চলৰ কথা কৈছে, যাক নাৱিকসকলে পৰম্পৰাগতভাৱে “ফিয়াৰছাম ফিফ্টিজ” (Fearsome Fifties) বুলি কয়। এই অঞ্চলৰ ভয়ংকৰ ঢৌ, হিমবাহ আৰু তীব্ৰ বতাহৰ বাবে বিখ্যাত। কিন্তু জেচিকাই তেওঁৰ অভিজ্ঞতাত ইয়াক তেনেকুৱা ভয়ানক নোপোৱাৰ কথা কৈছে।
It’s been a bit of a slow day with only a little wind and drizzly rain. You wouldn’t guess that this is the Southern Ocean! Well, apart from the long swell and albatross, oh and of course the cold.
✍️ এটা অলপ ধীৰ-গতীৰ দিন আছিল—মাথোন অলপ বতাহ আৰু টোপাল টোপাল বৰষুণ। এইখন যে দক্ষিণ মহাসাগৰ, তাক বিশ্বাস কৰিবই নোৱাৰিলোহেঁতেন! অৱশ্যে, দীঘলীয়া ঢৌ আৰু এলবাট্ৰছ চৰাইখিনি উপৰিও (আৰু নিশ্চয়ই ঠাণ্ডা) ।
I’ve been finding the light winds and slow progress a little frustrating, but I shouldn’t complain because life is so much more comfortable in the light conditions, and the wind chill is going to be quite something when it does eventually pick up.
✍️ অলপ বতাহ আৰু ধীৰ গতিয়ে মোক অলপ হতাশ কৰিছে, কিন্তু গোচৰ কৰাৰ কথা নহয়, কাৰণ এনে শান্ত অৱস্থাত জীৱন বহুত সুখদায়ক। আৰু যেতিয়া বতাহ বেছি হ’ব, তেতিয়া ঠাণ্ডাৰ পৰিমাণটো নিশ্চয় গম পাম!”
One thing that’s really cool (that wasn’t meant to be a joke!) about being so far south is how few hours of dark there are.
✍️ এটা সঁচাকৈয়ে বিস্ময়কৰ কথা (এইটো কেতিয়াও কৌতুক হিচাপে কোৱা হোৱা নাছিল!”) যে ইয়াত, ইমান দক্ষিণলৈ আহি, ৰাতিৰ আন্ধাৰৰ সময়খিনি কিমান বেছি চুটি তাক লক্ষ্য কৰিলোঁ।”
Lately I’ve been keeping in touch with another solo sailor, Dilip Donde, who is from India and part way through his own circumnavigation.
✍️ অলপদিন ধৰি মই আন এজন একাকী নাৱিক দিলীপ ডোণ্ডেৰ সৈতে যোগাযোগ ৰাখিছোঁ, যি ভাৰতৰ আৰু তেওঁ নিজৰ বিশ্ব পৰিভ্ৰমণৰ মাজপথত আছে।”
It’s been great to talk to him and compare conditions as he’s not far to the west of us and also heading for Cape Horn.
✍️ তেওঁৰ সৈতে কথা পাতি বৰ ভাল লাগিছে আৰু অৱস্থাৰ তুলনা কৰিব পাৰিছোঁ, কিয়নো তেওঁ আমাৰ পশ্চিমে বহু দূৰত নহয় আৰু তেওঁও কেপ হৰ্ণৰ (Cape Horn) ফালে আগবাঢ়ি আছে।
👉 কেপ হৰ্ণ** (Cape Horn) হৈছে দক্ষিণ আমেৰিকাৰ অন্তিম ঠাই, য’ত পৃথিৱীৰ সবাতোকৈ বিপদসংকুল সাগৰীয় পৰিস্থিতি থাকে।
At forty-seven feet, Dilip’s boat, Mhadei, is quite a bit bigger than Ella’s Pink Lady, so he’s catching us up pretty fast!
✍️ সাতচল্লিশ ফুট দীঘল দিলীপৰ নাও ‘মহাদেই’ (Mhadei) এলাৰ ‘এলা’জ পিংক লেডী’তকৈ বহুত ডাঙৰ, সেয়েহে তেওঁ আমাক খৰকৈ লগ ধৰি আছে!”
That’s all for today.
✍️ সেয়াই আজিৰ বাবে।
Dilip Donde is a forty-two-year old trained clearance diver in the Indian Navy.
✍️ দিলীপ ডোণ্ডে এজন ৪২ বছৰীয়া প্ৰশিক্ষিত ভাৰতীয় নৌসেনাৰ বিশেষ দক্ষতাসম্পন্ন ডুবাৰু।
He left India on 19 August 2009 to attempt to become the first Indian national to sail around the-world and he was doing it in the first fiberglass yacht built in India.
✍️ ২০০৯ চনৰ ১৯ আগষ্টত তেওঁ ভাৰতৰ প্ৰথমজন ব্যক্তি হিচাপে বিশ্ব পৰিভ্ৰমণৰ লক্ষ্যৰে যাত্ৰা আৰম্ভ কৰিছিল, আৰু এই কামত তেওঁ ভাৰতত নিৰ্মিত প্ৰথমখন ফাইবাৰগ্লাছ ইয়ট (ফাইবাৰগ্লাছৰ দ্ৰুতগামী নাও) ব্যৱহাৰ কৰিছিল।
I really enjoyed exchanging positions with Dilip. He is a lovely man to talk to and e-mail and I hope he is only a few hundred nautical miles away from me and was facing similar conditions.
✍️ দিলীপৰ সৈতে বৰ্তমান স্থানৰ তথ্য বিনিময় কৰি মই বৰ আনন্দ পাইছিলোঁ। তেওঁ কথা পাতিবলৈ আৰু ইমেইল কৰিবলৈ অতি সুখদায়ক ব্যক্তি। আশা কৰিছোঁ তেওঁ মোৰ পৰা মাত্ৰ কেইশমান নটিকেল মাইলৰ দূৰতেই আছে আৰু একে ধৰণৰ সাগৰীয় পৰিস্থিতিৰ সন্মুখীন হৈছে।”
It is strange how close I felt to him. Talking to Mum and Dad was good but as much as they tried to understand how it was for me out there, they didn’t really know.
✍️ এইটো আচৰিত যে মই তেওঁক ইমান ওচৰত অনুভৱ কৰিছিলোঁ। মা-দেউতাৰ সৈতে কথা পাতিও ভাল লাগিছিল, কিন্তু তেওঁলোকে যিমানেই মোৰ অৱস্থাটো বুজিবলৈ চেষ্টা কৰিছিল, সাগৰৰ মাজত থকাৰ অনুভূতি সঁচাকৈয়ে তেওঁলোকে নাজানিছিল।”
Dilip did, I think it was pretty amazing to share part of my voyage with him (well, as much as you can share when you are both on different boats a long way apart.
✍️ দিলীপে সঁচাকৈয়ে বুজি পাইছিল। মোৰ যাত্ৰাৰ কিছু অংশ তেওঁৰ সৈতে ভাগ কৰাটো এক অভূতপূৰ্ব অনুভৱ আছিল (যিয়েই নহওক, দুয়ো বেলেগ নাওত ইমান দূৰত্বত থাকোঁতে যিমান পাৰি ভাগ কৰিছিলোঁ)।
I didn’t know he felt the same way until someone sent me this from his blog : Midnight of New Year’s Eve, just as I was getting out to change the wind-vane with the wind dropping, the phone rang.
✍️ তেওঁও একে অনুভূতি পাইছিল বুলি মই জনা নাছিলো, যেতিয়ালৈকে কোনোবাই তেওঁৰ ব্লগৰ পৰা এইটো মোলৈ পঠিয়াই দিয়া নাছিল : নৱবৰ্ষৰ আগৰ নিশা, মই বতাহ কমি অহা দেখি উইণ্ড-ভেন সলাবলৈ ওলাইছিলোঁ, এনেতে ফোনটো বাজি উঠিল।
Finding it a bit odd to receive a phone call close to midnight, picked up the phone and what a pleasant surprise! Jessica calling to wish New Year’s!
✍️ মাজনিশা ওচৰতে ফোনকল পোৱাটো অলপ অদ্ভুত যেন লাগিছিল, ফোনটো তুলি লওঁতেই কি এক সুখদায়ক আচৰিত ঘটনা!” জেচিকাই নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ ফোন কৰিছিল!
So very thoughtful of her! Amongst all the New Year’s wishes I have received in all these years and at various places I think I will cherish this,
✍️ তেওঁৰ এই চিন্তাশীলতা সঁচাকৈয়ে অভূতপূৰ্ব! মই এতিয়ালৈকে বিভিন্ন ঠাইত লাভ কৰা সকলো নৱবৰ্ষৰ শুভেচ্ছাৰ ভিতৰত এইটোৱেই মোৰ বাবে সবাতোকৈ আপুৰুগীয়া হৈ ৰ’ব।
from this gutsy girl 350 nautical miles away and the nearest human being to me, is the most special!
✍️ মোৰ পৰা ৩৫০ নটিকেল মাইল দূৰত থকা এই সাহসী ছোৱালীজনীৰ পৰা (যি মোৰ আটাইতকৈ ওচৰৰ মানুহ), এই শুভেচ্ছাটোৱেই আটাইতকৈ বিশেষ!
With wishes like these how can 2010 not be anything but great! On 19 May 2010 Dilip sailed back into Mumbai Harbour after 276 days at sea.
✍️ এনেবোৰ আপুৰুগীয়া শুভেচ্ছাৰে ২০১০ চনটো কিদৰে মহান নহ’ব পাৰে! ২০১০ চনৰ ১৯ মে’ত, সমুদ্ৰত ২৭৬ দিন কটোৱাৰ পিছত দিলীপে মুম্বাই বন্দৰলৈ পুনৰ উভতি আহিছিল।
He had become the 175th solo circumnavigator and he had achieved his dream of becoming the first Indian national to achieve this feat.
✍️ তেওঁ ১৭৫তম একক বিশ্বপ্ৰদক্ষিণকাৰী হৈ ভাৰতৰ প্ৰথম ব্যক্তি হিচাপে এই কৃতিত্ব অৰ্জন কৰিলে।
Sunday, 24 January 2010. Wind, waves, action and drama! My quite sunny conditions ended with a bit of a bang. Ella’s Pink Lady and I have been having a very interesting time out here.
✍️ ২০১০ চনৰ ২৪ জানুৱাৰী, দেওবাৰ। ধুমুহা, ঢৌ, উত্তেজনা আৰু ৰোমাঞ্চ! ৰ’দালী দিনটোৰ হঠাতে হ’ল এক ধুমুহাজাকৰ দৰে উত্তাল সমাপ্তি। এলাচ পিংক লেডীৰ সৈতে ইয়াত কটোৱা প্ৰতিটো মুহূৰ্তই অপূৰ্ব্ব হৈ পৰিছে।
The wind has been expected to rise to a near gale, but none of the computers or forecasts picked that it would reach 65 knots . I recorded before losing the wind instruments in a knock-down !
✍️ বতাহৰ গতিবেগ ঘূৰ্ণিবতাহৰ সমান হ’ব বুলি আশংকা কৰা হৈছে, কিন্তু কোনো গণক যন্ত্ৰই বা পূৰ্বাভাসে ই ৬৫ নটলৈকে বাঢ়িব বুলি ধৰিব পৰা নাই। জাহাজখন হঠাৎ এফালে জোৰেৰে ঢলি পৰাৰ সময়ত বতাহ মাপক যন্ত্ৰবোৰ নষ্ট হোৱাৰ আগমুহূৰ্তত মই ৰেকৰ্ড কৰিছিলো।
We experienced a total of four knock-downs, the third was the most severe with the mast being pushed 180 degrees into the water.
✍️ আমি মুঠ চাৰিটা (নক-ডাউন)ৰ সন্মুখীন হৈছিলো তৃতীয়টো আটাইতকৈ ভয়ংকৰ আছিল – মাস্তুলটো সম্পূৰ্ণ ১৮০ ডিগ্ৰী ঘূৰি পানীত ডুব গৈছিল।
Actually pushed isn’t the right word, it would be more accurate to say that Ella’s Pink Lady was picked up, thrown down a wave, then forced under a mountain of breaking water and violently turned upside down.
✍️ আচলতে “ঠেলা খোৱা” শব্দটো ঠিক নহয়। সঠিককৈ ক’ব গ’লে, এলাৰ পিংক লেডীখন ডাঙৰ ঢৌৰ ওপৰলৈ উঠাই দিয়া হৈছিল, পিছত ঢৌটোৰ তললৈ দলিয়াই দিয়া হৈছিল, আৰু পিছত ডাঙৰ আৰু ভয়ংকৰ সাগৰীয় ঢৌৰ তললৈ হেচি দিয়া হৈছিল আৰু হিংস্ৰভাৱে উলটাই পেলাইছিল।
With everything battened down and conditions far too dangerous to be on deck, there wasn’t anything I could do but felt myself in and hold on.
✍️সকলোবোৰ মজবুতকৈ বান্ধি থোৱা আৰু ডেকত থকাটো অতি বিপদজনক হৈ পৰাত,মই কৰিবলৈ একোৱেই নাছিলোঁ,কেৱল ভিতৰত সোমাই ধৰি থাকিলোঁ।
With my whole body clenched up and holding on, various objects flying around the cabin and Ella’s Pink Lady complaining loudly under the strain, it was impossible to know what damage was there on the deck.
✍️ মোৰ সমস্ত শৰীৰটো টান হৈ ধৰি থকাৰ মাজতে, কেবিনৰ ভিতৰত বিভিন্ন বস্তু উৰি ফুৰিছিল আৰু এলাচ পিংক লেডীয়ে (জাহাজখনেই) চাপৰ তলত জোৰেৰে আৱাজ কৰি আছিল। ডেকত কি ক্ষতি হৈছে সেইটো জানিব পৰা অসম্ভৱ হৈ পৰিছিল।
It was a little hard at times to maintain my positive and rational thoughts policy, but overall I think I can say that the skipper held up as well as Ella’s Pink Lady.
✍️ কেতিয়াবা মোৰ ইতিবাচক আৰু যুক্তিসংগত চিন্তাৰ নীতি ৰক্ষা কৰাটো অলপ কঠিন হৈ পৰিছিল, কিন্তু সামগ্ৰিকভাৱে মই ক’ব পাৰোঁ যে স্কিপাৰজনে (নাবিকে) এলাচ পিংক লেডীৰ (জাহাজখনৰ) দৰেই সুস্থিৰতা ৰক্ষা কৰিছিল।
It was certainly one of those times when you start questioning exactly why you’re doing this, but at no point could I not answer my own question with a long list of reasons why the tough times like that are totally worth it!
✍️ এইটো নিশ্চিতভাৱে সেইসময়বোৰৰ এটা আছিল যেতিয়া তুমি এই কাম কিয় কৰিছা সেয়া লৈ প্ৰশ্ন উত্থাপন কৰা, কিন্তু মই কেতিয়াও মোৰ নিজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা নাছিলোঁ – কিয়নো এনে কঠিন সময়বোৰ সম্পূৰ্ণৰূপে মূল্যৱান বুলি ভাবিবলৈ মোৰ হাতত দীঘলীয়া কাৰণৰ তালিকা আছিল!
After clearing up the worst of it and despite finally managing some good sleep, I still feel like a giant marshmallow.
✍️সৰ্বনাশ অৱস্থাৰ পৰা অলপ মুক্ত হ’লোঁ আৰু শেহত ভালকৈ টোপনো গ’লো যদিও, এতিয়াও মই এটা ডাঙৰ মাৰ্শমেল’ৱৰ (নৰম কাপোৰৰ টুকুৰা) যেন অনুভৱ কৰিছোঁ।
Physically, my arms and legs are all heavy and pathetic and of course I have a lovely collection of bruises!
✍️ শাৰীৰিকভাৱে, মোৰ হাত-ভৰিবোৰ গধুৰ আৰু দুৰ্বল, আৰু অৱশ্যে মোৰ এটা সুন্দৰ ছাল ক’লা পৰি যোৱা আঘাতৰ চিনৰ সংগ্ৰহ আছে।
Mentally, I feel like I have aged a good ten years, but I’m back to normal now and in good spirits as we approach the halfway mark.
✍️ মানসিকভাৱে, মই যেন দহ বছৰ বুঢ়া হ’লোঁ, কিন্তু এতিয়া আকৌ স্বাভাৱিক হৈছো আৰু মাজভাগলৈ আগবাঢ়ি যোৱাৰ লগে লগে মন ভাল হৈ আছে।
************************
