।। সংস্কৃত ।। পঞ্চম মান ।। অসমীয়া অনুবাদ ।।
दशमः पाठः
स्वामी विवेकानन्द
स्वामी विवेकानन्दः एकः महापुरुषः। तस्य चरितं सर्वदा स्मरणीयं भवति। विवेकानन्दस्य जन्म कलकत्तानगरे अभवत्। तस्य पिता विश्वनाथदत्तः माता च भुवनेश्वरी देवी।
✍️ স্বামী বিবেকানন্দ এজন মহাপুৰুষ। তেওঁৰ চৰিত্ৰ সদায় স্মৰণীয় হয়। বিবেকানন্দৰ জন্ম কলিকাতা নগৰত হৈছিল। তেওঁৰ পিতৃৰ নাম বিশ্বনাথ দত্ত আৰু মাতৃৰ নাম ভুবনেশ্বৰী দেৱী।
🔍 শব্দাৰ্থ
– एकः महापुरुषः — এজন মহান ব্যক্তি।
– तस्य चरितं — তেওঁৰ জীৱনচৰিত।
– सर्वदा स्मरणीयं भवति — সদায় মনত ৰাখিবলগীয়া হয়।
– विवेकानन्दस्य जन्म — বিবেকানন্দৰ জন্ম
– कलकत्तानगरे अभवत् — কলকাতা নগৰত হৈছিল।
– तस्य पिता — তেওঁৰ পিতৃ।
– च — আৰু ।
तस्य प्रथमं नाम नरेन्द्रः इति आसीत्। नरेन्द्रः बाल्यात् एव क्रीडापटुः दयालुः विचारशीलः च आसीत्।
✍️ তেওঁৰ প্ৰথম নাম আছিল নৰেন্দ্ৰ। নৰেন্দ্ৰ শৈশৱৰ পৰাই এজন খেলুৱৈ, দয়ালু আৰু চিন্তাশীল ব্যক্তি আছিল।
🔍 শব্দাৰ্থ
– तस्य प्रथमं नाम — তেওঁৰ প্ৰথম নাম।
– नरेन्द्रः इति आसीत् — “নৰেন্দ্ৰ” আছিল।
– बाल्यात् एव — শৈশৱৰ পৰাই।
– क्रीडापटुः — খেলত দক্ষ / খেলুৱৈস্বভাৱৰ।
– दयालुः — দয়ালু।
– विचारशीलः — চিন্তাশীল।
– आसीत् — আছিল (अस्ति ধাতুৰ लङ्लकार, অতীতকাল)।
ईश्वरस्य अस्तित्वविषये तस्य शंका आसीत्। शास्त्राणाम् अध्ययनेन अपि तस्य शंकापरिहारः न जातः। बहुनां पण्डितानां साधूनां च सकाशात् अपि शंकापरिहारः न अभवत्। अन्ते श्रीरामकृष्णपरमहंसस्य सकाशात् तस्य सन्देहपरिहारः अभवत्।
✍️ ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে তেওঁৰ সন্দেহ আছিল। শাস্ত্ৰ অধ্যয়ন কৰিও তেওঁৰ সন্দেহ দূৰ হোৱা নাছিল। বহুতো পণ্ডিত আৰু সাধুৰ ওচৰতো তেওঁৰ সন্দেহ দূৰ হোৱা নাছিল। শেষত শ্ৰীৰামকৃষ্ণ পৰমহংসৰ ওচৰতহে তেওঁৰ সন্দেহ দূৰ হৈছিল।
🔍 শব্দাৰ্থ
– ईश्वरस्य अस्तित्वविषये — ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে।
– तस्य शंका आसीत् — তেওঁৰ সন্দেহ আছিল।
– शास्त्राणाम् अध्ययनेन अपि — শাস্ত্ৰবোৰ পঢ়িও।
– शंकापरिहारः न जातः — সন্দেহ নোহোৱা / আঁতৰোৱা হোৱা নাছিল।
– पण्डितानां साधूनां च सकाशात् — পণ্ডিত আৰু সাধুসকলৰ ওচৰত।
– न अभवत् — নহ’ল / হোৱা নাছিল।
– अन्ते — অৱশেষত।
– श्रीरामकृष्णपरमहंसस्य सकाशात् — শ্ৰীৰামকৃষ্ণ পৰমহংসৰ ওচৰত।
– सन्देहपरिहारः अभवत् — সন্দেহ দূৰ হৈছিল।
श्रीरामकृष्णस्य दिव्यप्रभावेण नरेन्द्रः आकृष्टः अभवत्। संन्यासम् अंगीकृत्य तस्य शिष्यः अभवत्। सर्वत्र श्रीरामकृष्णस्यः उपदेशानां प्रचारं कर्तुं प्रस्थितवान्।
✍️ শ্ৰীৰামকৃষ্ণৰ দিব্য প্ৰভাৱত নৰেন্দ্ৰ আকৰ্ষিত হৈছিল। সংন্যাস গ্ৰহণ কৰি তেওঁৰ শিষ্য হৈছিল। শ্ৰীৰামকৃষ্ণৰ উপদেশসমূহৰ প্ৰচাৰ কৰিবলৈ সকলো ঠাইলৈ ওলাই গৈছিল।
🔍 শব্দাৰ্থ,
– दिव्यप्रभावेण — দিৱ্য প্ৰভাৱৰ দ্বাৰা।
– आकृष्टः अभवत् — আকৰ্ষিত হৈছিল।
– संन्यासम् अंगीकृत्य — সন্ন্যাস গ্ৰহণ কৰি।
– तस्य — তেওঁৰ।
– शिष्यः अभवत् — শিষ্য হৈছিল।
– सर्वत्र — সকলো ঠাইত / সকলোত।
– श्रीरामकृष्णस्य — শ্ৰীৰামকৃষ্ণৰ।
– उपदेशानां — উপদেশসমূহৰ (বহুবচন, ষষ্ঠী)
– प्रचारं कर्तुं — প্ৰচাৰ কৰিবলৈ।
– प्रस्थितवान् — ওলাই গৈছিল / যাত্ৰা কৰিছিল।
विवेकानन्दस्य वाणी चैतन्यदायिनी आसीत्। सः भारतीयान् “उत्तिष्ठत, जाग्रत, दीनदेवो भव, दरिद्रदेवो भव” इति सम्बोधितवान्। तस्य उपदेशाः अमूल्याः।
✍️ স্বামী বিবেকানন্দৰ বাণী চৈতন্য দায়িনী আছিল। তেওঁ ভাৰতীয়সকলক “উঠা, জাগা, দীন-দেৱ হোৱা, দৰিদ্ৰ-দেৱ হোৱা” বুলি সম্বোধন কৰিছিল। তেওঁৰ উপদেশসমূহ অমূল্য।
🔍 শব্দাৰ্থ
– वाणी चैतन्यदायिनी आसीत् — বাক্য/বাণী জীৱন/চেতনাৰে পূৰ্ণ, প্ৰাণদায়িনী, চৈতন্য দায়িনী আছিল।
– उत्तिष्ठत, जाग्रत — উঠা, জাগা।
– दीनदेवो भव, दरिद्रदेवो भव — দীনলোকক দেৱতা হিচাপে দেখা, দৰিদ্ৰক দেৱতা ৰূপে সন্মান কৰা।
– सम्बोधितवान् — সম্বোধন কৰিছিল।
– उपदेशाः अमूल्याः — উপদেশবোৰ অমূল্য।
विवेकानन्दः जीवनस्य नवत्रिंशत्तमे अल्पे एव वयसि समाधिं गतवान्। धन्यः सः महापुरुषः ।
✍️ স্বামী বিবেকানন্দে জীৱনৰ ঊনচল্লিছতম বছৰত, অতি কম বয়সেই সমাধি লাভ কৰিলে। ধন্য সেই মহাপুৰুষ!
🔍 শব্দাৰ্থ
– जीवनस्य नवत्रिंशत्तमे — জীৱনৰ ৩৯তম বছৰত।
– अल्पे एव वयसि — কম বয়সতেই।
– समाधिं गतवान् — দেহত্যাগ কৰিছিল / মহাপ্ৰয়াণলৈ গৈছিল।
– धन्यः सः महापुरुषः — ধন্য সেই মহাপুৰুষ।
************************
