পাঠ নং – ১
সমাজ বিদ্যা পৰিচয়
প্ৰশ্নাৱলী
১৷ মানুহক কিয় সামাজিক প্ৰাণী বোলা হয়?
উত্তৰ:— মানুহ হৈছে সমাজপ্ৰিয় প্ৰাণী ৷ মানুহে এজনে আনজনক সহায় কৰে, ভাবৰ বিনিময় কৰে,এজনে আনজনৰ সমস্যাৰ বুজ লয় আৰু সকলোৱে মিলি সকলোৰে কামত অহা ধৰণে ব্যৱস্থাবোৰ গঢ়ি তোলে ৷ এইবোৰ স্বভাৱৰ বাবেই মানুহক সামাজিক প্ৰাণী বোলা হয় ৷
২৷ পৰম্পৰা কাক বোলে?
উত্তৰ:— যিবোৰ সামাজিক নীতি – নিয়ম পূৰ্বৰেপৰা চলিৱআছে, সেইবোৰকে পৰম্পৰা বোলে ৷
৩৷ প্ৰশাসন কাক বোলে?
উত্তৰ:— সমাজত শৃংখলা আৰু নীতি- নিয়ম ধৰি ৰাখিবৰবৰ বাবে যিটো ব্যৱস্থা আছে তাকে প্ৰশাসন বোলে ৷
৪৷ সমাজ ঘাইকৈ কিহৰ ওপৰত নিৰ্ভৰশীল?
উত্তৰ:— সমাজ ঘাইকৈ অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল ৷
৫৷ সমাজ বিজ্ঞান কাক বোলে?
উত্তৰ:— যিটো বিষয়ৰ অধ্যয়নৰ জৰিয়তে বিভিন্ন অঞ্চলৰ সমাজৰ বিষয়ে আৰু সমাজত বাস কৰা লোকসকলৰ জীৱন – যাত্ৰা সম্পৰ্কে জানিব পৰা যায় তাকেই সমাজবিজ্ঞান বোলা হয় ৷
অতিৰিক্ত প্ৰশ্নোত্তৰ
১৷ অন্য প্ৰাণীতকৈ মানুহ বুদ্ধিমান কিয়?
উত্তৰ:— মানুহে চিন্তা কৰিব পাৰে, নিতৌ নতুন নতুন জ্ঞান আহৰণৰ চেষ্টা কৰে আৰু বিভিন্ন সমস্যাৰ সমাধান বিচাৰিব জানে ৷ গতিকে, তুলনামূলকভাৱে আন সকলো প্ৰাণীতকৈ মানুহ বুদ্ধিমান ৷
২৷ অন্যান্য প্ৰাণীতকৈ মানুহ পৃথক কিয়?
উত্তৰ:— বিকশিত বুদ্ধিৰ বাবে মানুহে যিকোনো পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাবপৰা আৰু নতুন নতুন কৌশল আয়ত্ত কৰিব পাৰা গুণৰ বাবেই মানুহ অন্য প্ৰাণীতকৈ পৃথক ৷
৩৷ সমাজ বিদ্যা কি?
উত্তৰ:— মানৱ সমাজৰ বিভিন্ন দিশৰ পদ্ধতিগত অধ্যয়নেই হৈছে সমাজ বিদ্যা ৷
৪৷ সমাজ বিদ্যা অধ্যয়নৰ কিয় প্ৰয়োজন?
উত্তৰ:— মানৱ সমাজৰ পৰিৱৰ্তনৰ বিভিন্ন কথা জানিবলৈ সমাদ বিদ্যা অধ্যয়ন কৰা প্ৰয়োজন ৷
৫৷ কোনো এটা জনসমষ্টিক সমাজ আখ্যা দিবৰ বাবে কি কি গুণৰ প্ৰয়োজন?
উত্তৰ:— কোনো এটা জনসমষ্টিক সমাজ আখ্যা দিবৰ বাবে — ক) কোনো এটা অঞ্চলত বাস কৰা লোকসকলৰ মাজত সমূহীয়াভাৱে চিন্তা – চৰ্চা কৰাৰ ব্যৱস্থা থাকিব লাগিব ৷
খ) একেলগে কাম কৰাৰ পদ্ধতি থাকিব লাগিব ৷
৫৷ মানৱ সমাজৰ পৰিৱৰ্তন বুলিলে কি বুজা?
উত্তৰঃ – মানৱ সমাজৰ পৰিৱৰ্তন বুলিলে বুজা যায় যে সমাজ সদায় একে ৰূপত নথাকে। সময়ৰ সৈতে মানুহৰ প্ৰয়োজন, চিন্তা-ভাবনা, জীৱন যাপনৰ ধাৰণাত পৰিৱৰ্তন ঘটে। মানুহে প্ৰকৃতিৰ সৈতে সংগতি ৰাখি নিজৰ জীৱন নিৰ্বাহ কৰে, আৰু নতুন আৱিষ্কাৰ, বিজ্ঞান-প্ৰযুক্তিৰ উন্নতি ইত্যাদিৰ ফলত সমাজত নতুন ধাৰাৰ সৃষ্টি হয়। এইদৰে সমাজে কেতিয়াবা ধীৰে ধীৰে, কেতিয়াবা তীব্ৰ গতিত পৰিৱর্তিত হৈ থাকে।
৬৷ খালী ঠাই পূৰ কৰা: —
ক) মানুহ—— প্ৰাণী, এইটো মানুহৰ —– ৷
উত্তৰ:— সমাজপ্ৰিয়, স্বভাৱ ৷
খ) ——- হ’ল সমাজৰ মূল চালিকা শক্তি ৷
উত্তৰ:— সামূহিক উদ্যম ৷
গ) মানৱ সমাজ —— ৷
উত্তৰ:— পৰিৱৰ্তনশীল
ঘ) সময়স লগে লগে সমাজৰ —– পৰিৱৰ্তন হয় ৷
উত্তৰ: — চাহিদাৰ
ঙ) —– নাজানিলে সমাজৰ বিষয়ে ভালকৈ জনাটো সম্ভৱ নহয় ৷
উত্তৰ:— ভূগোল ৷
চ) সমাজ ঘাইকৈ —- ওপৰত নিৰ্ভৰশীল ৷
উত্তৰ:— অৰ্থনীতিৰ ৷
ছ) যিকোনো এখন সমাজ —— অধীন ৷
উত্তৰ:— প্ৰশাসনৰ ৷
জ) প্ৰতিখন সমাজৰে কেতবোৰ ——- আছে ৷
উত্তৰ:— পৰম্পৰা বা প্ৰচলিত নিয়ম ৷